ceo_assam[at]eci[dot]gov[dot]in 1800 3451947

মুখ্য নিৰ্বাচনী বিষয়াৰ মেজৰ পৰা

  • মুখ্য পৃষ্ঠা
  • মুখ্য নিৰ্বাচনী বিষয়াৰ মেজৰ পৰা

মুখ্য নিৰ্বাচনী বিষয়াৰ মেজৰ পৰা

মুখ্য নিৰ্বাচনী বিষয়া, অসমৰ কাৰ্যালয়ৰ ৱেবচাইটলৈ স্বাগতম

মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে ভাৰতৰ নিৰ্বাচন আয়োগৰ সামগ্ৰিক তত্বাৱধান আৰু নিয়ন্ত্ৰণত কাম কৰে | যি হৈছে ভাৰতত কেন্দ্ৰীয় আৰু ৰাজ্যিক নিৰ্বাচন প্ৰক্ৰিয়া পৰিচালনাৰ বাবে দায়বদ্ধ এক স্বায়িত্তশাসিত সাংবিধানিক কৰ্ত্পক্ষ | সংস্থাটোৱে লোকসভা, ৰাজ্যসভা, ভাৰতৰ ৰাজ্যিক বিধান সভা আৰু দেশৰ ৰাষ্ট্ৰপতিৰ আৰু উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ নিৰ্বাচন পৰিচালনা কৰে|

নিৰ্বাচনী গণতন্ত্রত, নাগৰিকসকল এক জীৱন্ত গণতন্ত্র নিশ্চিত কৰাত সহায় কৰাৰ বাবে উপলব্ধ সকলো শেহতীয়া প্ৰক্ৰিয়া, ঘটনা আৰু সুবিধাৰ বিষয়ে ভালদৰে অৱগত হোৱাটো অতি গুৰুত্তপূৰ্ণ | এই ৱেবছাইটে অসমৰ নাগৰিকসকলক নিৰ্বাচন সম্পৰ্কীয় সকলো বিষয়ৰ ভালদৰে অৱগত কৰি ৰখাৰ বাবে সমগ্ৰ নিৰ্বাচনী যন্ত্ৰপাতি উন্নত আৰু সমৰ্থন কৰাৰ প্ৰয়াস কৰে অৰু বিভিন্ন প্ৰাসঙ্গিক প্ৰ-পত্ৰ আৰু তথ্য সহজে প্ৰাপ্ত কৰাত সহায় কৰে | ৱেবছাইটটো ব্যৱহাৰকাৰী অনুকূল প্ৰকাৰে উপযোগী, অন্তৰ্দিৃষ্টিপূৰ্ণ আৰু আপডেট কৰা তথ্য আৰু জ্ঞান প্ৰদান কৰাৰ বাবে প্ৰতিজন নাগৰিকৰ ওচৰলৈ যোৱাৰ আমাৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰি প্ৰস্তুত কৰা হৈছে | এই ৱেবছাইটৰ কিছুমান গুৰুত্বপূৰ্ণসমল হৈছে:

  1. ভোটাৰ পঞ্জীয়ন আৰু সম্পৰ্কিত কাৰ্যকলাপৰ বাবে লিংক |
  2. গুৰুত্বপূৰ্ণ নিৰ্বাচন আৰু ভোটাৰ সম্পৰ্কীয় আপডেট |
  3. নিৰ্বাচন সম্পৰ্কীয় তথ্য |
  4. প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণৰ (এছভিইইপি) অধীনত এই কাৰ্যালয় আৰু ভাৰতৰ নিৰ্বাচন আয়োগে পৰিচালনা কৰা বিভিন্ন প্ৰচাৰমূলক কাৰ্যকলাপৰ বিৱৰণ |
  5. আমাৰ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ লিংক |
  6. সঘনাই সোধা প্রশ্ন

আমি আশা কৰোঁ যে এই ৱেবছাইট টো নাগৰিকসকলৰ বাবে উপযোগী আৰু সহায়ক হ'ব |

"No Voter to be left behind"

নতুন কি