ceo_assam[at]eci[dot]gov[dot]in 1800 3451947

সঘনাই সোধা প্ৰশ্নসমূহ

  • মুখ্য পৃষ্ঠা
  • সঘনাই সোধা প্ৰশ্নসমূহ

সঘনাই সোধা প্ৰশ্নসমূহ

সঘনাই সোধা প্ৰশ্নসমূহ (এফ এ কিউ) সঘনাই সোধা প্ৰশ্নসমূহ (এফ এ কিউ) শিতানে আপোনালোকক ভোটাৰ তালিকা, ভোট সম্বন্ধীয় তন্ত্ৰ, ৰাজনৈতিক দলৰ পঞ্জীয়ন, ভোট গণনা আৰু ফলাফল ঘোষণা... ইত্যাদি বিভিন্ন বিষয়ৰ প্ৰশ্নসমূহৰ সমাধান দি সহায় আগবঢ়াব।
  
প্ৰশ্ন. ১ মই অলপতে মোৰ বাসস্থান সলনি কৰিছোঁ। এতিয়া মই কেনেকৈ নিশ্চিত হ'ম যে নতুন স্থানত মোৰ নাম সন্নিৱিষ্ট হৈছে আৰু পুৰণা স্থানৰ পৰা মোৰ নাম বিলোপ কৰা হৈছে?
উত্তৰ. নতুন বাসস্থান একে বিধানসভা সমষ্টিৰ অন্তৰ্গত হ'লে প্ৰ-পত্ৰ পূৰ কৰি বাসস্থান অন্তৰ্ভুক্ত নতুন স্থানৰ ই আৰ অ' (নিৰ্বাচনী পঞ্জীয়ন বিষয়া) ৰ ওচৰত দাখিল কৰিব লাগে।
প্ৰশ্ন. ২ মই অলপতে মোৰ বাসস্থান সলনি কৰিছোঁ। বৰ্তমানে পুৰণা ঠিকনাৰ সৈতে মোৰ ফটো পৰিচয়পত্ৰ আছে। মোৰ বৰ্তমানৰ ঠিকনাৰ বাবে মই নতুন পৰিচয়পত্ৰ পাব পাৰোনে?
উত্তৰ. প্ৰথমতে আপুনি এয়া নিশ্চিত হওঁক যে আপুনি বৰ্তমানে বসবাস কৰি থকা স্থানৰ সংশ্লিষ্ট বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোটাৰ তালিকাত আপোনাৰ নাম সন্নিৱিষ্ট কৰিছে। ১ নম্বৰ প্ৰশ্নৰ উত্তৰত দিয়া অনুসৰি এই প্ৰক্ৰিয়া সম্পন্ন হয়। পৰৱৰ্তী পৰ্যায়ত সম্প্ৰতি থকা পৰিচয় পত্ৰত পৰিৱৰ্তনসমূহ সাধন কৰা হয়।
প্ৰশ্ন. ৩ মোৰ পুৰণা পৰিচয়পত্ৰখন ক্ৰুতিপূৰ্ণ আৰু সেয়ে মই শুদ্ধ তথ্যসমৃদ্ধ নতুন পৰিচয়পত্ৰ বিচাৰিছোঁ। ইয়াৰ বাবে প্ৰক্ৰিয়াটো কেনেধৰণৰ?
উত্তৰ. আপুনি আপোনাৰ পৰিচয়পত্ৰ সংশ্লিষ্ট নিৰ্বাচনী পঞ্জীয়ন বিষয়া (ই আৰ অ') ৰ কাৰ্যালয়ত জমা দি বা ফটো পৰিচয়পত্ৰ প্ৰস্তুতকৰণৰ সময়ছোৱাত ফটোগ্ৰাফি কেন্দ্ৰত জমা দি পৰিচয়পত্ৰৰ শুধৰণি কৰিব পাৰে।
প্ৰশ্ন. ৪ মোৰ ৰেচন কাৰ্ড নাই। ৰেচন কাৰ্ড অবিহনে মোৰ নাম সন্নিৱিষ্ট হ'ব পাৰেনে? মোৰ বাসস্থানৰ প্ৰমাণ হিচাপে অন্য কি কি নথিপত্ৰ দেখুৱাব পাৰোঁ?
উত্তৰ. ৰেচন কাৰ্ড অপৰিহাৰ্য নহয়, পঞ্জীয়ন কাৰ্যত সহায় আগবঢ়াবলৈ আপুনি পাছপৰ্ট, বেংকৰ পাছবুক, ড্ৰাইভিং লাইচেন্স ইত্যাদি বা যিকোনো চৰকাৰী প্ৰমাণপত্ৰ দেখুৱাব পাৰে।
প্ৰশ্ন. ৫ মই এগৰাকী ভাড়াতীয়া। মোৰ ঘৰৰ মালিকে মোৰ নামটো ভোটাৰ তালিকাত সন্নিৱিষ্ট হোৱাটো নিবিচাৰে। এগৰাকী ভোটাৰ হিচাপে মোৰ নাম কেনেকৈ অন্তৰ্ভুক্ত কৰিব পৰা হ'ব?
উত্তৰ. ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱাটো আপোনাৰ ন্যায়িক অধিকাৰ। আপুনি আপোনাৰ অঞ্চলৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়লৈ গৈ ভোটাৰ তালিকা পৰীক্ষা কৰক। তাত যদি আপোনাৰ নাম সন্নিৱিষ্ট হোৱা নাই অনুগ্ৰহ কৰি প্ৰ-পত্ৰ পূৰণ কৰক আৰু নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ত জমা দিয়ক।
প্ৰশ্ন. ৬ মই অলপতে মোৰ থকা ঠাই অন্য ৰাজ্যৰ পৰা অসমলৈ সলনি কৰিছোঁ য'ত মই ভোটাৰ হিচাপে পঞ্জীয়নভুক্ত। মই আগতে বসবাস কৰা স্থানৰ পৰা উলিওৱা পৰিচয়পত্ৰহে মোৰ হাতত আছে। মই কেনেকৈ বৰ্তমানৰ ঠিকনাৰ নতুন পৰিচয়পত্ৰ উলিয়াব পাৰিম আৰু পুৰণা পৰিচয়পত্ৰখন কি কৰিব লাগিব?
উত্তৰ. প্ৰ-পত্ৰ পূৰ কৰক আৰু থকা ঠাইৰ প্ৰমাণপত্ৰসহ প্ৰ-পত্ৰসমূহ নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ত জমা দি ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰক।
প্ৰশ্ন. ৭ ১ জানুৱাৰী, ২০০৭ ত মোৰ বয়স ১৮ বছৰ হ'ব। ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে মই কি প্ৰমাণ দেখুৱাব লাগিব?
উত্তৰ. আপুনি কৰ্তৃত্বশীল সংস্থাৰ পৰা আপোনাৰ জন্মৰ তাৰিখৰ প্ৰমাণ (পাছপোৰ্ট, হাইস্কুল প্ৰমাণপত্ৰ, জন্মৰ তাৰিখৰ প্ৰমাণপত্ৰ ইত্যাদি) দাখিল কৰিব পাৰে।
প্ৰশ্ন. ৮ গণনাকাৰী আমাৰ ঘৰলৈ আহিছিল আৰু বিতং বিৱৰণসমূহ লিখি লৈ গৈছে। মোৰ নামটো ভোটাৰ তালিকাত সন্নিৱিষ্ট হোৱাটো এতিয়া মই কেনেকৈ নিশ্চিত হ'ব পাৰিম?
উত্তৰ. তেওঁ আপোনাৰ হাতত গণনাৰ ৰেকৰ্ড প্ৰদান কৰিব যি হ'ব আপোনাৰ স্বীকৃতিপত্ৰ । আপুনি আপোনাৰ নাম ভোটাৰ তালিকাত আছেনে নাই সেয়া নিশ্চিত কৰিবলৈ নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ত প্ৰকাশ কৰা আৰু তাত উপলব্ধ খচৰা তালিকাত চাব পাৰে।
প্ৰশ্ন. ৯ মোৰ পুৰণা পৰিচয়পত্ৰখন হেৰাইছে। মই নতুন পৰিচয়পত্ৰ কেনেকৈ লাভ কৰিম?
উত্তৰ. আপুনি এখন এফ আই আৰ স্থানীয় আৰক্ষী থানাত দাখিল কৰিব লাগিব। থানাই ইয়াৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব আৰু সেয়া নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ ওচৰত প্ৰদৰ্শন কৰিব লাগিব। ইয়াৰ পিছত আপুনি নতুন পৰিচয়পত্ৰ লাভ কৰিব।

নতুন কি