মুখ্য নিৰ্বাচনী বিষয়াৰ মেজৰ পৰা
অনুৰাগ গোৱেল, আই এ এছ
মুখ্য নিৰ্বাচনী বিষয়া, অসম
মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে ভাৰতৰ নিৰ্বাচন আয়োগৰ সামগ্ৰিক তত্বাৱধান আৰু নিয়ন্ত্ৰণত কাম কৰে | যি হৈছে ভাৰতত কেন্দ্ৰীয় আৰু ৰাজ্যিক নিৰ্বাচন প্ৰক্ৰিয়া পৰিচালনাৰ বাবে দায়বদ্ধ এক স্বায়িত্তশাসিত সাংবিধানিক কৰ্ত্পক্ষ | সংস্থাটোৱে লোকসভা, ৰাজ্যসভা, ভাৰতৰ ৰাজ্যিক বিধান সভা আৰু দেশৰ ৰাষ্ট্ৰপতিৰ আৰু উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ নিৰ্বাচন পৰিচালনা কৰে|
নিৰ্বাচনী গণতন্ত্রত, নাগৰিকসকল এক জীৱন্ত গণতন্ত্র নিশ্চিত কৰাত সহায় কৰাৰ বাবে উপলব্ধ সকলো শেহতীয়া প্ৰক্ৰিয়া, ঘটনা আৰু সুবিধাৰ বিষয়ে ভালদৰে অৱগত হোৱাটো অতি গুৰুত্তপূৰ্ণ | এই ৱেবছাইটে অসমৰ নাগৰিকসকলক নিৰ্বাচন সম্পৰ্কীয় সকলো বিষয়ৰ ভালদৰে অৱগত কৰি ৰখাৰ বাবে সমগ্ৰ নিৰ্বাচনী ...